বাংলাদেশৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডঃ নিহতৰ সংখ্যা ৪৯ জনলৈ বৃদ্ধি

86

আন্তঃৰাষ্ট্ৰীয় খবৰঃ বাংলাদেশৰ নাৰায়ণগঞ্জৰ ৰূপগঞ্জ উপ জিলাৰ কৰ্ণগোপ এলেকাত বৃহস্পতিবাৰে সংঘটিত ভয়াবহ অগ্নিকাণ্ডই শুকুৰবাৰে বিয়লিৰ ভাগলৈকে বিধ্বংসী ৰূপ ধাৰণ কৰি আছে। শুকুৰবাৰৰ বিয়লি পৰ্যন্ত এই অগ্নিকাণ্ডত ৪৯ জন লোকৰ মৃত্যু ঘটিছে। নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ১৯ খন অগ্নি নিৰ্বাপক বাহিনীৰে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰখা হৈছে।

জানিব পৰা মতে, কৰ্ণগোপৰ এটা ৬ মহলীয়া কাৰাখানাৰ দ্বিতীয় মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। কাৰখানাটোৰ ভিতৰত বহু পৰিমাণৰ ৰসায়নিক পদাৰ্থ মজুত থকাৰ ফলশ্ৰুতিত অগ্নিকাণ্ডই ভয়াবহ ৰূপ ধাৰণ কৰে আৰু গোটেই অট্টালিকাটো জুয়ে ছানি ধৰে। ইফালে বৃহস্পতিবাৰে এই অগ্নিকাণ্ডৰ পৰা বাচিবলৈ তৃতীয় মহলাৰ পৰা তিনিজন শ্ৰমিকে জপিয়ায় যদিও আটাই কেইজনৰে মৃত্যু ঘটে।

উদ্ধাৰকাৰী বাহিনীয়ে বৃহস্পতিবাৰে অভিযান চলাই আহত কেইবাজনো শ্ৰমিকক উদ্ধাৰ কৰে যদিও নিহতৰ সংখ্যা বৰ্তমানলৈকে বৃদ্ধি পাই আছে। কাৰখানাটোত কমেও ৮০ জন শ্ৰমিকে কাম কৰি আছিল বুলি সন্দেহ কৰা হৈছে।