বাংলাদেশৰ কণ্টেইনাৰ ডিপ’ত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৩৫ জনৰ মৃত্যু

257

শনিবাৰে নিশা বাংলাদেশৰ চট্টগঙৰ সীতাকুন্দ উপজিলাৰ এটা ব্যক্তিগত ৰাসায়নিক কণ্টেইনাৰ ডিপোত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ৩৫ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ৪৫০ জন লোক আহত হৈছে।

উপজিলা জিলাৰ কদামৰসুল অঞ্চলৰ বি এম কণ্টেইনাৰ ডিপোত সংঘটিত হয় এই অগ্নিকাণ্ড।

চট্টগং মেডিকেল কলেজ হাস্পতালৰ আৰক্ষী আউটপোষ্টৰ উপ-পৰিদৰ্শক (এছ আই) নুৰুল আলমে জনোৱা মতে, ঘটনাৰ প্ৰাথমিক তদন্ত অনুসৰি কণ্টেইনাৰ ডিপোটোত ৰাসায়নিক দ্ৰব্যৰ বাবে জুই লাগিছে বুলি সন্দেহ কৰা হৈছে।

সূত্ৰ অনুসৰি, এই বিস্ফোৰণে চুবুৰীটো কঁপাই তোলাৰ লগতে ওচৰৰ ঘৰৰ খিৰিকীৰ আইনাবোৰ ভাঙি পেলায়।

চট্টগং অগ্নিনিৰ্বাপক বাহিনীৰ আৰু অসামৰিক প্ৰতিৰক্ষাৰ সহকাৰী সঞ্চালক মঃ ফাৰুক হোছেইন ছিকদাৰে কয় যে, “প্ৰায় ১৯টা অগ্নিনিৰ্বাপক ইউনিটে জুই নিৰ্বাপনৰ বাবে কাম কৰি আছে আৰু ৬খন এম্বুলেন্সো থিতাতে উপলব্ধ।”

ইফালে, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এই ঘটনাত জনসাধাৰণৰ মৃত্যুত শোক প্ৰকাশ কৰে। অহা তিনিদিনত প্ৰতিবেদন দাখিল কৰিবলৈ দাবী জনাই বিষয়াসকলে উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতি গঠন কৰিছে।