বাংলাদেশী নাগৰিকৰ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত

66

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পাছত অসম তথা ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে । অসম আৰক্ষী আৰু বিএছএফে বাংলাদেশৰ কোনো লোকৰ যাতে অনুপ্ৰৱেশ নহয় তাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰিছে । কিন্তু ইয়াৰ মাজতে বাংলাদেশী নাগৰিকে পুনৰ অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ খবৰ প্ৰকাশ পাইছে । অসম আৰক্ষীয়ে যোৱা নিশা পুনৰ চাৰিজন বাংলাদেশী নাগৰিকক অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে আটক কৰে । এই অনুপ্ৰৱেশকাৰী কেইজনে অসমৰ কৰিমগঞ্জ ছেক্টৰে অসম তথা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে । জানিব পৰা মতে, বাংলাদেশী কেইজনক আটক কৰাৰ পাছত প্ৰমাণ পত্ৰ পৰীক্ষা কৰা হয় আৰু পুনৰ বাংলাদেশলৈ বিতাৰিত কৰা হয় বুলি জানিব পৰা গৈছে ।