বাংলাদেশী নাগৰিকৰ পুনৰ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা

97

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা বাংলাদেশী নাগৰিকে সীমান্ত পাৰ হৈ অহৰহ অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে । যোৱা এমাহত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা প্ৰায় ১০০ জনতকৈ অধিক বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । এতিয়ালৈকে বিতাৰিত হোৱা এই বাংলাদেশী নাগৰিক সকলে প্ৰায়ে কৰিমগঞ্জ ছেক্টৰে অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ।শুকুৰবাৰে নিশা বৃহৎ সংখ্যক বাংলাদেশী নাগৰিকে অবৈধভাৱে সীমান্ত পাৰ হৈ অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে । ইতিমধ্যে এই বাংলাদেশ নাগৰিক সকলক আটক কৰি পুনৰ বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ এই বাংলাদেশী নাগৰিক সকলক আটক কৰি বিতাৰিত কৰাৰ খবৰ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।