বাংলাদেশী নাগৰিকক আশ্ৰয় প্ৰদানৰ অভিযোগত বিশ্বনাথত আটক ২ জন

280

১৭ জন বাংলাদেশী নাগৰিকক আশ্ৰয় প্ৰদানৰ অভিযোগত বিশ্বনাথ জিলাৰ বিশ্বনাথ জিলাৰ বিহালীৰ পৰা দুজন লোকক আটক কৰিছে আৰক্ষীয়ে।

ধৃত লোক দুজনক বাঘমাৰীৰ নিৱাসী ছামছুল হক আৰু জেহেৰুল হক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, শনিবাৰে বিশ্বনমাথ আৰক্ষীয়ে আটক কৰিছিল ১৭ জন বাংলাদেশী নাগৰিকক।

বিশ্বনাথৰ বাঘমাৰীত এই বাংলাদেশী নাগৰিক কেইজনক আশ্ৰয় প্ৰদান কৰিছিল ছামছুল আৰু জেহেৰুলে।

বাঘমাৰীস্থিত ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা জিঙিয়া আৰক্ষীয়ে আটক কৰে বাংলাদেশী কেইজনক।

খবৰ অনুসৰি কোচবিহাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী নাগৰিককেইজনে।

তেওঁলোকে সমগ্ৰ ভাৰতৰ বহু ধৰ্মীয় স্থান ভ্ৰমণ কৰিছিল। দিল্লী, আজমেৰ শ্বৰীফ আদিকে ধৰি বিভিন্ন স্থানত ধৰ্মীয় সভাৰ আয়োজন কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ১৩ ছেপ্টেম্বৰৰ পৰা ব্যক্তিকেইজনে বিশ্বনাথত বাহৰ পাতিছিল।