বাংলাদেশত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। পলাতক প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ পৰাই দেশখনৰ ৰাজনৈতিক পৰিস্থিতি পুনৰ এবাৰ সলনি কৰাৰ চেষ্টাত হাত উজান দিছে। সম্প্ৰতি চৰ্চালৈ আহিছে শ্বেখ হাছিনাৰ এক অডিঅ’ বাৰ্তা। এই বাৰ্তা যোগে তেওঁ অনুগামীসকললৈ জনাইছে প্ৰতিৰোধৰ সবল আহ্বান। হাছিনাৰ এই আহ্বানৰ পিছতে সমগ্ৰ বাংলাদেশৰ আভ্যন্তৰীণ পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে।
বাৰ্তাটোত হাছিনাই কয়, “প্ৰতিৰোধ গঢ়ি তোলাৰ সময় আহি পৰিছে। ৰাইজ আমাৰ লগত আছে। ৰাইজৰ সৈতে এই দুষ্কৃতিকাৰীৰ বিৰুদ্ধে থিয় হওক। এয়াই মোৰ আহ্বান। সকলোৱে সাজু হওক। এইসকল হৈছে দেশৰ শত্ৰু, জাতিৰ শত্ৰু, জনসাধাৰণৰ শত্ৰু!”