বাংলাদেশত গ্ৰেপ্তাৰ ইস্কনৰ ধৰ্মগুৰু চিন্ময় প্ৰভুক।
দেশখনত হিন্দুৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে সৰৱ হৈছিল ধৰ্মগুৰুজন।
ছট্টগ্ৰামৰ এটা গোচৰত ঢাকা বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ধৰ্মগুৰুজনক।
ইয়াৰ পাছতেই উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি।
চিন্ময় প্ৰভুক গ্ৰেপ্তাৰৰ বিৰোধিতাৰে একাংশ হিন্দু লোকে কৰিছিল প্ৰতিবাদ।
বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাক অপমানৰ অভিযোগত অভিযুক্ত হৈছিল চিন্ময় প্ৰভু।