বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ আলফা (স্বা)ৰ লিংকমেন ৰঞ্জিত গগৈক

313

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে কৰ্ণাটকৰ বেংগালুৰুৰ পৰা আলফা স্বাধীনৰ এজন লিংকমেনক গ্ৰেপ্তাৰ কৰে।

খবৰ অনুসৰি, তিনিচুকীয়া আৰক্ষীৰ এটা দলে জিলাখনৰ শদিয়া নগৰৰ বাসিন্দা ৰঞ্জিত গগৈক গ্ৰেপ্তাৰ কৰে বাংগালুৰুৰ পৰা।

বিষয়াসকলে জনোৱা মতে, জিলাখনৰ কাকোপথাৰত সংঘটিত হোৱা এনকাউণ্টাৰত নিহত হোৱা আলফা স্বাধীনৰ কেডাৰ জ্ঞান অসম ওৰফে সন্তোষ গগৈৰ ঘনিষ্ঠ সহায়ক আছিল ৰঞ্জিত গগৈ।

তিনিচুকীয়াৰ অ’চি পৰাগজ্যোতি বুঢ়াগোহাঁইয়ে কয় যে, “বৰডুমছা থানাৰ এটা গোচৰ (কেছ নং ২৯/২২)ৰ সৈতে জড়িত ৰঞ্জিত গগৈক বেংগালুৰুৰ পৰা আটক কৰে পৰিদৰ্শক ভাস্কৰ ৰাজ বৰুৱাৰ নেতৃত্বত।”

‘আমাৰ তদন্তৰ ভিত্তিত আমি জানিব পাৰিলোঁ যে উক্ত আলফা স্বাধীনৰ লিংকমেন ৰঞ্জিত বৰডুমছাৰ এজন অৰুণ গোহাঁইৰ সৈতে নগদ ধনৰ লেনদেনত জড়িত আছিল যাক আমি পূৰ্বে গ্ৰেপ্তাৰ কৰিছিলোঁ। অৰুণ আৰু ৰঞ্জিত দুয়োজনেই নিহত আলফা কেডাৰ জ্ঞান অসমৰ সৈতে সঘনাই যোগাযোগ কৰিছিল।’-তেওঁ লগতে কয়।

আৰক্ষীৰ মতে, গগৈয়ে গোহাঁইৰ একাউণ্টত ৩০ হাজাৰ টকা জমা কৰিছিল যিটো ধন উঠাই মৃত কেডাৰ জ্ঞান অসমৰ চিনাকি সকলৰ হাতত তুলি দিছিল।