ষ্টাফৰিপোৰ্টাৰ, ১৯ মে’ ::
বহি:ৰাজ্যত আবদ্ধ হৈ থকা যিসকল একেবাৰে দুৰ্দশাগ্ৰস্ত শ্ৰমিক বাছেৰে অসমলৈ ঘূৰি আহিব বিচাৰিছে সেইসকলৰ সহায়ৰ বাবে মানৱীয়তাৰ খাতিৰত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে তেওঁৰ পিতৃ-মাতৃৰ নামত থকা “উষা-কমল গগৈ সোঁৱৰণী ট্ৰাষ্ট”ৰ পৰা ৫ লাখ টকাৰ সামান্য সাহায্য ঘোষণা কৰিছে। উপৰোক্ত বিষয়টো সম্পর্কত এক ভিডিঅ বিজ্ঞপ্তিযোগে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কয় – “বিশ্বব্যাপ্তি ক’ৰনা অতিমাৰীৰ প্ৰভাৱ ভাৰতবৰ্ষতো ব্যাপক হাৰত পৰিছে । জীৱন নিৰ্বাহৰ কাৰণে অসমৰ পৰা হাজাৰ হাজাৰ লোকে ভাৰতৰ বিভিন্ন ঠাইত কাম কৰি আছিল গৈ। কিন্তু বৰ্তমান ক’ৰনাৰ বিভীষিকাৰ আতংকময় পৰিৱেশত এই দুৰ্ভগীয়া লোকসকলে জীৱিকা হেৰুওৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক অসমলৈ ঘুৰাই অনাৰ বাবে অসম চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিফল হৈছে । দুদৰ্শাগ্ৰস্ত লোকৰ বিভিন্ন জনে মোক ব্যক্তিগত ভাবে তেওঁলোকক অসমলৈ ঘুৰাই আনিবলৈ সহায় কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ কৰিছে আৰু মানৱীয়তাৰ খাতিৰত তেওঁলোকক অসমলৈ বাছেৰে ঘুৰি আহিবলৈ যি অৰ্থৰ প্ৰয়োজন হ’ব তাৰ বাবে মোৰ পিতৃ-মাতৃৰ নামত থকা ” উষা – কমল গগৈ সোঁৱৰণী ট্ৰাষ্ট ” ৰ পৰা পাঁচ লাখ টকা আগবঢ়াইছো । তেওঁলোকক অসমলৈ আহিবৰ বাবে বাছৰ খৰচৰ বাবদ এই ধনৰাশি ব্যৱহাৰ কৰা হ’ব।”