বহিঃৰাজ্যত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ ৩ যুৱকৰ

348

বাংগালুৰুত সংঘটিত পথ দুৰ্ঘটনাত কৰুণ মৃত্যু অসমৰ ৩ যুৱকৰ।

জানিব পৰা মতে, বাংগালুৰুৰ মাচন্দ্ৰাত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনা।

সোমবাৰে নিশা যুৱক কেইজনে কৰ্মস্থলীৰ পৰা ৰুমলৈ উভতি অহাৰ সময়তে ডাম্পাৰে তেওঁলোকক মহটিয়াই নিয়ে।

নিহত যুৱক কেইজনৰ পৰিচয় লখিমপুৰ জিলাৰ বাঁহগড়াৰ অসীম দেউৰী, নগাঁও জিলাৰ চাপৰমুখ কচুৱাৰ চন্দন দাস আৰু কাৰ্বি আংলঙৰ কৰণ বসুমতাৰী বুলি জানিব পৰা গৈছে।

বহিঃৰাজ্যত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱক কেইজনৰ মৃত্যুত শোকত ভাগি পৰিছে তেওঁলোকৰ পৰিয়াল।