বহিঃৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ অসমৰ যুৱকৰ মৃত্যু

84

ষ্টাফ ৰিপোৰ্টাৰ : মহাৰাষ্ট্ৰত মৃত্যু হৈছে হোজাইৰ যুৱক মহম্মদ বদৰুদ্দিনৰ। মুম্বাইত কৰ্মৰত আছিল হোজাইৰ কপাহবাৰী কৰৈউনীৰ যুৱকজন। ছেইণ্ট জৰ্জ হাস্পতালত দেওবাৰে মৃত্যু হয় বদৰুদ্দিনৰ। ৩ দিন পূৰ্বে পেটৰ অসুখত আক্ৰান্ত হৈছিল যুৱকজন। দেওবাৰে পুৱতিনিশা অস্ত্ৰোপচাৰৰ পিছতে মৃত্যু হয় বদৰুদ্দিনৰ দেওবাৰে হোজাইৰ বদৰুদ্দিনৰ শৰীৰত ধৰা পৰিল কোভিড-১৯ ভাইৰাছ।