বলীউড ড্ৰাগছ কাণ্ডঃ জব্দ কৰা হৈছে অভিনেত্ৰী দীপিকা, ৰকুল, শ্ৰদ্ধাৰ লগতে মেনেজাৰৰ মোবাইল ফোন…

64

ডিজিটেল ডেস্কঃ সমস্যাৰ যেন অন্ত নাই অভিনেত্ৰী দীপিকা পাডুকন, ৰকুল প্ৰীত কৌৰ, শ্ৰদ্ধা কাপুৰৰ। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত পোহৰলৈ অহা বলীউডৰ ড্ৰাগছ কাণ্ডৰ তদন্তত নাম সাঙোৰ খাই পৰিছে অভিনেত্ৰীগৰাকীৰ। তাৰ পিছতে নাৰ্ক’টিক কণ্ট্ৰ’ল ব্যুৰ’ই সোধ-পোছৰ বাবে অভিনেত্ৰীকেইগৰাকীলৈ চমন জাৰি কৰে।

ইফালে এনচিবিৰ এক সূত্ৰৰ খবৰ অনুসৰি, এইবাৰ দীপিকা, শ্ৰদ্ধা, ৰকুলৰ মোবাইল ফোনসমূহো জব্দ কৰা হৈছে। অভিনেত্ৰী কেইগৰাকীৰ উপৰিও দীপিকাৰ মেনেজাৰ কৰিশ্মা প্ৰকাশ, চিমন খমবাট্টে, জয়া শ্বাহৰো মোবাইল জব্দ কৰিছে এনচিবিয়ে।

উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহৰ অভিযোগত এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছিল সুশান্তৰ প্ৰাক্তন মেনেজাৰ নীৰজক। এই নীৰজৰ সৈতেই দীপিকাৰ মেনেজাৰ কৰিশ্মা প্ৰকাশৰ ঘণিষ্ঠ সম্পৰ্ক থকা বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ। আনহাতে দীপিকাই ড্ৰাগছ বিচাৰি কেইবাজনকো মেছেজ কৰা বুলিও এক খবৰ প্ৰকাশ হৈছিল। এনে পৰিপ্ৰেক্ষিতত যদি অভিনেত্ৰী কেইগৰাকীৰ মোবাইল ফোনত কোনো নাপাবলগীয়া তথ্য এনচিবিয়ে লাভ কৰে, তেন্তে তেওঁলোকৰ বাবে সমস্যা আৰু অধিক বৃদ্ধি পোৱাটো নিশ্চিত।

(অসম্পাদিত)