বলীউডৰ ড্ৰাগছ কাণ্ডঃ এনচিবিৰ কাৰ্যালয়ত হাজিৰ হ’ল দিপীকা পাডুকনৰ মেনেজাৰ

54

ডিজিটেল ডেস্কঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুকাণ্ডৰ তদন্তত পোহৰলৈ আহিছিল বলীউডৰ ড্ৰাগছ কাণ্ড। তাৰ পিছতে এই কাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰিছিল ৰকুল প্ৰীত কৌৰ, দীপিকা পাডুকন, দিয়া মিৰ্জাকে ধৰি বহু কেইগৰাকী নামী-দামী অভিনেতা-অভিনেত্ৰীৰ। ইফালে নাৰ্ক’টিক কণ্ট্ৰ’ল ব্যুৰই এই কাণ্ডৰ তদন্তৰ খাতিৰত বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰী আৰু তেওঁলোকৰ মেনেজাৰক চমন জাৰি কৰিছিল।

এনচিবিৰ চমনৰ পিছত শুকুৰবাৰে মুম্বাইস্থিত এনচিবি এছআইটি কাৰ্যালয়ত উপস্থিত হ’ল অভিনেত্ৰী দিপীকা পাডুকনৰ মেনেজাৰ কৰিস্মা প্ৰকাশ। ইফালে অভিনেত্ৰী দিপীকা পাডুকনকো চমন জাৰি কৰিছে এনচিবিয়ে। তাৰোপৰি দিয়া মিৰ্জা আৰু তেওঁৰ মেনেজাৰকো জাৰি কৰা হৈছে চমন। জানিব পৰা মতে, দিপীকাৰ মেনেজাৰ কৰিস্মাৰ এনচিবিৰ হাতত ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নীৰজৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল। ড্ৰাগছৰ সৰবৰাহৰ বাবেই এই সম্পৰ্ক গঢ় লৈ উঠাৰো সন্দেহ কৰা হৈছে। মেনেজাৰ কৰিস্মাই দিপীকাক ড্ৰাগছৰ যোগান ধৰিছিল সময়ে সময়ে।