বলিউড ড্ৰাগছ কাণ্ড: পুনৰ অৰ্জুন ৰামপাললৈ চমন এনচিবিৰ

67

ডিজিটেল ডেস্কঃ বলিউডৰ অভিনেতা অৰ্জুন ৰামপাললৈ পুনৰ চমন জাৰি কৰিছে নাৰ্ক’টিক কণ্ট্ৰ’ল ব্যুৰ’ই। তেওঁলোকে ১৬ ডিচেম্বৰত সোধ-পোচৰ বাবে মাতিছে অভিনেতাজনক।

উল্লেখ্যযোগ্য যে, ড্ৰাগছৰ ঘটনাত অৰ্জুন ৰামপালক পূৰ্বেও এবাৰ সোধ-পোচ কৰিছিল এনচিবিয়ে।তেওঁলোকে কেইবাঘন্টা ধৰি সোধ পোচ কৰিছিল অভিনেতাজনক। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলিউডৰ ড্ৰাগছ সম্পৰ্কীয় ঘটনাত তদন্ত চলাই আছে এই তদন্তকাৰী সংস্থাটোৱে।