বলীউডৰ অভিনেত্ৰী মহিমা চৌধাৰীৰ মাতৃৰ দেহাৱসান।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মহিমাৰ মাতৃ দীৰ্ঘদিন ধৰি বয়সৰ লগত জড়িত সমস্যাত ভুগি আছিল।
শাৰীৰিক অসুস্থতাৰ বাবেই শেষ নিশ্বাস ত্যাগ কৰে মহিমাৰ মাতৃয়ে।
মাতৃৰ বিয়োগত শোকত ভাগি পৰিছে অভিনেত্ৰী মহিমা চৌধাৰী।
কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভৰ পিছতে মাতৃৰ বিয়োগে দুখৰ ধুমুহা নমাইছে অভিনেত্ৰীগৰাকীৰ জীৱনলৈ।
উল্লেখ্য যে, ২০২২ চনৰ ৯ জুনত অনুপম খেৰে মহিমা চৌধাৰীৰ কৰ্কট ৰোগৰ কথা প্ৰকাশ কৰিছিল।
‘চিগনেচাৰ’ ছবিখনৰ সময়ত মহিমা চৌধাৰীয়ে অনুপম খেৰৰ সৈতে নিজৰ দুখৰ কথা ব্যক্ত কৰি কয় যে তেওঁ স্তন কেন্সাৰৰ দৰে সমস্যাত ভুগি আছে।
অভিনেত্ৰীগৰাকীয়েও কৈছিল যে তেওঁৰ চিকিৎসা চলি আছে।
