বলিউডক বিদায় জনালে অভিনেতা বিক্ৰান্ত মেছিয়ে

107

বলিউডক বিদায় জনালে অভিনেতা বিক্ৰান্ত মেছিয়ে। ২০২৫ চনত শেষবাৰৰ বাবে ছবিত দেখিবলৈ পোৱা যাব বিক্ৰান্তক। পৰিয়ালৰ প্ৰতি থকা দায়িত্ব পালনৰ বাবে অভিনয়ৰ পৰা বিৰতি লোৱাৰ কথা ঘোষণা কৰে বিক্ৰান্তে। সামাজিক মাধ্যমৰ জৰিয়তে এইকথা জনালে অভিনেতাগৰাকীয়ে। শেহতীয়াকৈ ’12th Fail’ চিনেমাখনৰ জৰিয়তে অধিক জনপ্ৰিয় হৈ পৰিছিল বিক্ৰান্ত। চলিত বৰ্ষত গোৱাত অনুষ্ঠিত হোৱা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বছৰটোৰ শ্ৰেষ্ঠ ব্যক্তিত্বৰ বঁটা লাভ কৰিছিল অভিনেতাগৰাকীয়ে।