ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে নিবুনৱাৰ বাবে আনিছে কেইবাটাও ভাল খবৰ৷ একেলগে ৰাজ্যখনৰ বন, আৱকাৰী, শিক্ষা, গৃহ বিভাগকে ধৰি কেইবাটাও বিভাগত প্ৰকাশ পাইছে খালী পদ পূৰণৰ বিজ্ঞাপন৷ ইয়াৰে বন বিভাগৰ পদৰ আবেদনৰ অন্তিম সময়সীমা ২৫ জুন৷ ২৫ জুনৰ নিশা ১২ বজাৰ পূৰ্বে পূৰণ কৰিব লাগিব প্ৰাৰ্থীয়ে আবেদন ৷বিভাগটোৰ ফৰেষ্টাৰ, ফৰেষ্ট গাৰ্ডকে ধৰি অন্যান্য কেইবাটাও শ্ৰেণীত খালী হৈছে মুঠ ১০৮১টা পদ৷ ২৫ মে’ৰ পৰা প্ৰাৰ্থীৰ আবেদন পূৰণৰ বাবে মুকলি কৰা হৈছিল বিভাগৰ ৱেবছাইট৷ উল্লেখ্য যে বনবিভাগৰ এই বাচনি পৰীক্ষা অনুষ্ঠিত কৰিব ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট ব’ৰ্ডে৷ইয়াৰ পূৰ্বেও বিভাগটোত ২০১৬ চনত পদ পূৰণৰ বাবে প্ৰকাশ কৰিছিল বিজ্ঞাপন৷ বিজ্ঞাপন অনুসৰি বাচনি পৰীক্ষা অনুষ্ঠিত হৈছিল৷ কিন্তু পৰীক্ষাত খেলিমেলিক লৈ আজিও গুৱাহাটী উচ্চ ন্যায়লয়ত বিচৰাধীন বিষয়টো৷ সেয়ে এতিয়া নতুনকৈ প্ৰকাশ কৰা বিজ্ঞাপনে বহু প্ৰাৰ্থীৰ মনত প্ৰশ্নৰ উদ্ৰেগ ঘটাইছে – নিকা আৰু স্বচ্ছ হ’বনে এইবাৰৰ পৰীক্ষা? নে এইবাৰো হ’ব একেই ভেঁকোভাওনা?