বন আৰু পৰিৱেশ বিভাগৰ পৰ্যালোচনা বৈঠক সম্পন্ন

66

ষ্টাফৰিপৰ্টাৰ, অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অধ্যক্ষতাত বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, ৰাজ্যিক পাৰিপাৰ্শ্বিক প্ৰভাৱ পুনৰীক্ষণ প্ৰাধিকৰণ (SEIAA) আৰু বিশেষজ্ঞ মূল্যাংকন কমিটি (SEAC)ৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত বন আৰু পৰিৱেশ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, অসম চৰকাৰৰ সচিব মাধুৰিমা সেন বৰুৱা, SEIAAৰ অধ্যক্ষ প্ৰদ্যুত কুমাৰ চৌধুৰী, SEACৰ অধ্যক্ষ স্বপন শীল শৰ্মাৰ লগতে আন সদস্যসকলো উপস্থিত থাকে।বৈঠকত মন্ত্ৰী শুক্লবৈদ্যই প্ৰতিগৰাকী বিষয়া আৰু সমিতিৰ অধ্যক্ষ তথা সদস্যসকলক পাৰিপাৰ্শ্বিক বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ সমান্তৰালভাৱে অৰ্থনৈতিক বিকাশৰ দিশটোতো সমানেই লক্ষ্য ৰাখিবলৈ আহ্বান জনায়। তেওঁ আৰু কয় ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অন্যতম প্ৰধান লক্ষ্য হৈছে বহনক্ষম উন্নয়ন। সেয়ে উক্ত বিষয়টোকো গুৰুত্বসহকাৰে ল’বলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়।
আনহাতে উক্ত বৈঠকতে বন আৰু পৰিৱেশ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী আৰু SEIAAৰ অধ্যক্ষ প্ৰদ্যুত কুমাৰ চৌধুৰীয়ে পৰিবেশ সম্পৰ্কীয় ফাইলসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰা উচিত বুলি মন্তব্য কৰে। আজিৰ বৈঠকত অধ্যাপক এইছ পি শৰ্মা, সদস্য সচিব ডঃ ডি এন দাস,অধ্যাপক ডঃ এছ ফুকন,অধ্যাপক ডঃ ভাগৱতী প্ৰাণ বৰুৱা, অধ্যাপক প্ৰশান্ত কুমাৰ শইকীয়া, ডঃ গজেন শৰ্মা আৰু অধ্যাপক ৰাতুল মহন্তয়ো অংশ গ্ৰহণ কৰে।