বন্ধ হব নেকি ২০০০ টকীয়া নোটৰ প্ৰচলন!

186

বন্ধ হব নেকি ২০০০ টকীয়া নোটৰ প্ৰচলন! যোৱা ২টা বছৰে ছপা কৰা হোৱা নাই নতুন ২০০০ টকীয়া নোট। সদনত এই কথা জনালে কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰে। এক লিখিত প্ৰশ্নৰ উত্তৰত অনুৰাগ ঠাকুৰে জনায় যে কেন্দ্ৰীয় চৰকাৰে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ সৈতে আলোচনা কৰি মুদ্ৰা ছপা কৰে। কিন্তু ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত ২০০০ টকীয়া নোটৰ নতুন ছপা হোৱা নাই।

উল্লেখ্য যে, ৩০ মাৰ্চ, ২০১৮ত ভাৰতীয় বজাৰত প্ৰচলিত ২০০০ টকীয়া নোটৰ পৰিমাণ আছিল ৩৩৬.২ কোটি টকা। অৰ্থাৎ মুঠ মুদ্ৰাৰ ৩.৩২ শতাংশই আছিল ২০০০ টকীয়া নোট। কিন্তু ২০২১ চনত এই পৰিমাণ হ্ৰাস যথেষ্ট হ্ৰাস পাইছে। বৰ্তমান মুঠ মুদ্ৰাৰ মাত্ৰ ২ শতাংশহে ২০০০ টকীয়া নোট। আনহাতে চলিত বৰ্ষৰ ২৬ জানুৱাৰী পৰ্যন্ত বজাৰত প্ৰচলিত ২০০০ টকীয়া নোটৰ পৰিমাণো ৪৯.৯ কোটিলৈ হ্ৰাস পাইছে।

২০১৬ চনৰ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে বিমুদ্ৰাকৰণ কৰিছিল। সেই সময়তে পুৰণি এহেজাৰ আৰু ৫০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি চৰকাৰে নতুন পাঁচশ আৰু দুহেজাৰ টকীয়া নোটৰ প্ৰচলন ঘটাইছিল। কিন্তু ২০০০ টকীয়া নোটৰ প্ৰচলনে ক’লা ধন বৃদ্ধি কৰিব বুলি অৰ্থনীতিবিদ সকলে যি আশংকা কৰিছিল, সেই আশংকাই যেন এতিয়া ক্ৰমাৎ বাস্তৱ হৈ পৰিছে। পলমকৈ হলেও চৰকাৰেও এই কথা উপলব্ধি কৰি দুহেজাৰ টকীয়া নোটৰ নতুন ছপা বন্ধ কৰিছে বুলি ধাৰণা কৰিছে অৰ্থনীতিবিদসকলে।