পাণবাৰী থানাৰ অন্তৰ্গত ৰাণীঘাটৰ বনভোজস্থলিত বন্ধুৰ সৈতে ফুৰিবলৈ গৈ সোমবাৰে সলিলসমাধি ঘটিল সৰভোগৰ যুৱক ৰাহুল মজুমদাৰৰ।
ৰাহুল মজুমদাৰ বৰনগৰ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল।
ঘটনাৰ বিৱৰণী অনুসৰি, ৰাহুল মজুমদাৰে আজি দিনৰ ভাগত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী ৰেঞ্জৰ অন্তৰ্গত ৰাণীঘাটলৈ বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল।
দুৰ্ভাগ্যক্ৰমে যুৱকজনে ৰাণীঘাটত থকা হাঁকুৱা নৈত পিছলি পৰে আৰু পানীৰ সোঁতত সন্ধানহীন হৈ পৰে।
খবৰ লাভ কৰি আৰক্ষী, এছডিআৰএফ বাহিনী আৰু স্থানীয় লোকসকলে ঘটনাস্থলীত উপস্থিত হৈ কেইবাঘণ্টাজুৰি উদ্ধাৰ অভিযান চলায়।
পাছত আজি সন্ধিয়া এছডিআৰএফ বাহিনীয়ে ঘটনাস্থলীৰ পৰাই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।
উল্লেখ্য, সৰভোগৰ নুনতোলা গাঁৱৰ বাসিন্দা শিক্ষক তথা বৰপেটা জিলা নাট্য সন্মিলনৰ সম্পাদক নিকুঞ্জ মজুমদাৰৰ পুত্ৰ আছিল ৰাহুল মজুমদাৰ।
