বন্দুক দেখুৱাই মিউজিক কোম্পানীৰ CEOক অপহৰণ! ‘শিণ্ডে’ শিৱিৰৰ বিধায়ক পুত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

66

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে শিবিৰৰ শিৱসেনাৰ বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে বৃহৎ অভিযোগ। বিধায়ক প্ৰকাশ সৰ্বেৰ পুত্ৰৰ লগতে আন কেইবাজনো লোকে মুম্বাইৰ এটা মিউজিক কোম্পানীৰ চিইঅ’ক বন্দুক দেখুৱাই অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ চিচিটিভি ফুটেজ। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

বুধবাৰে সংঘটিত হয় এই অপহৰণ কাণ্ড। গোৰেগাঁৱত অৱস্থিত সংগীত কোম্পানীটোৰ কাৰ্যালয়ৰ পৰা অপহৰণ কৰা হয় চিইঅ’জনক। ১০ৰ পৰা ১৫জন যুৱক সংগঠনৰ কাৰ্যালয়লৈ গৈছিল। বন্দুক দেখুৱাই তাৰ পৰা অপহৰণ কৰে মিউজিক কোম্পানীৰ চিইঅ’ ৰাজকুমাৰ সিঙক। তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। উদ্ধাৰ কৰা হয় মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক। ৰাজকুমাৰে অভিযোগ কৰে যে তেওঁক বিধায়ক প্ৰকাশৰ দহিছাৰৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছিল। তাতে তেওঁৰ মূৰত বন্দুক থৈ কেইবাখনো কাগজত চহী কৰোৱা হয়। সমগ্ৰ ঘটনা সংঘটিত হৈছে বিধায়ক পুত্ৰ ৰাজ সৰ্বেৰ নেতৃত্বত।

ৰাজ সৰ্বে, আদি শক্তি প্ৰাইভেট লিমিটেডৰ মিউজিক কোম্পানীৰ স্বত্বাধিকাৰী মনোজ মিশ্ৰকে ধৰি আন ১০ জনৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ দাখিল কৰে। তদন্ত অনুসৰি আদি শক্তিয়ে ইউটিউব চেনেলৰ পৰা ৮ কোটি টকাৰ ঋণ লৈছিল। বিনিময়ত তেওঁলোকে কন্টেন্ট তৈয়াৰ কৰাৰ কথা আছিল। অৱশ্যে তেওঁলোকে তেনেকুৱা কৰা নাছিল। বৰঞ্চ চুক্তি ভংগ কৰিবলৈ চেষ্টা কৰে। এইটোৱেই হৈছে সংঘাত। ইয়াৰ লগত শিৱসেনাৰ বিধায়কগৰাকীৰ পুত্ৰ সঠিকভাৱে কেনেদৰে জড়িত সেয়া এতিয়াও জানিব পৰা হোৱা নাই।