এক ভয়ংকৰ কাণ্ডই জোকাৰি গ’ল আমেৰিকাৰ টেক্সাছ চহৰৰ। চহৰখনৰ এখন প্ৰাথমিক বিদ্যালয়ত এজন বন্দুকধাৰী দুৰ্বৃত্তই চলোৱা নিৰ্বিচাৰ গুলীচালনাত ১৯টি শিশুসহ ২১ জনে প্ৰাণ হেৰুৱায়।
এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু ঘটে দুৰ্বৃত্তজনৰো।
টেক্সাছত হত্যাযজ্ঞ পতা বন্দুকধাৰী দুৰ্বৃত্তজনক উভালডেৰ ১৮ বৰ্ষীয় ছালভাডৰ ৰামোছ বুলি চিনাক্ত কৰা হৈছে। ইফালে দুৰ্বৃত্তজনে এই ভয়ানক কাণ্ড সংঘটিত কৰাৰ পূৰ্বে নিজৰ আইতাতকো গুলীয়াই আহত কৰা বুলি জানিবলৈ দিছে টেক্সাছ ডিপাৰ্টমেণ্ট অৱ পাব্লিক ছেফটি চাৰ্জেণ্ট এৰিক এষ্ট্ৰাডাই।
উভাল্ডে কনচলিডেটেড ইণ্ডিপেণ্ডেণ্ট স্কুল জিলা আৰক্ষী অধীক্ষক পিট আৰেডণ্ডোৱে জনোৱা মতে, বন্দুকধাৰীয়ে অকলেই কাম কৰিছিল বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১২ চনত কানেকটিকাটত ছেণ্ডী হুক হত্যাকাণ্ডত ৬ৰ পৰা ৭ বছৰৰ ভিতৰৰ ২০টা শিশুকে ধৰি ২৬ জন লোকৰ মৃত্যু ঘটিছিল।
