বনৌষধৰ জৰিয়তে নিৰ্মূল হ’ব পাৰে কোৰোনা!

88

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা কোৰোনা ভাইৰাছ নিৰ্মূলৰ বাবে বিভিন্ন ৰাষ্ট্ৰই ভেকচিন প্ৰস্তুতৰ কামত উঠিপৰি লাগিছে। খুব কম সময়ৰ ভিতৰতে কোৰোনাৰ ভেকচিন প্ৰস্তুতি সম্পন্ন হ’ব বুলিও দাবী কৰা হৈছে। তাৰ মাজতে এই ভয়ংকৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ভেষজ বা হাৰ্বল দৰৱৰ ব্যৱহাৰৰ সম্ভাৱনাৰ দিশতো চিকিৎসা বিশেষজ্ঞ সকলে কাম আৰম্ভ কৰিছে। আনহাতে বিশ্ব স্বাস্থ্য সংস্থায়ো শনিবাৰে কোভিড-১৯ আৰু অন্য ৰোগৰ চিকিৎসাৰ বাবে আফ্ৰিকাৰ বনৌষধিৰ টেষ্টিং প্ৰট’কলৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।

বিশ্ব স্বাস্থ্য সংস্থাই কোভিডৰ লগতে অন্য জটিল ৰোগৰ চিকিৎসাত প্ৰাচীন দৰৱৰ ব্যৱহাৰৰ বিষয় উত্থাপন কৰিছে। পূৱ আফ্ৰিকাৰ এখন দেশ মদাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰী ৰাজোএলিনাই মেলেৰিয়া ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহৃত আৰ্টমিছিয়া নামৰ এবিধ ঔষধি গুণযুক্ত বনৰ দ্বাৰা নিৰ্মিত পানীয় মুকলি কৰাৰ প্ৰায় এমাহ পিছত বিশ্ব স্বাস্থ্য সংস্থাই বনৌষধিৰে কোভিড-১৯ নিৰ্মূল কৰাৰ সম্ভৱনা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, মদাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰী ৰাজোএলিনাই প্ৰচাৰ চলোৱা কোভিড অৰ্গেনিক্স ড্ৰিংক বা চিভিঅ’ই কোৰোনাৰ চিকিৎসা কৰিব পাৰে বুলি দাবী কৰাৰ পিছতে মদাগাস্কাৰৰ উপৰিও আফ্ৰিকাৰ অন্য দেশসমূহতো এই পানীয় বিধৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইফালে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞ আৰু অন্য দুটা চিকিৎসা সংস্থায়ো আফ্ৰিকাৰ এই বনৌষধিৰ ক্লিনিকেল ট্ৰায়েলৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। এই পৰীক্ষণত বনৌষধ বিধৰ প্ৰভাৱ আৰু সুৰক্ষাৰ দিশটোত গুৰুত্ব প্ৰদান কৰা হ’ব।

বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ বিষয়া প্ৰাছপ’ৰ টুমুছীমে এই সন্দৰ্ভত কয়, ‘যদি প্ৰাচীন দৰৱে সুৰক্ষা, প্ৰভাৱ আৰু গুণগত মানদণ্ডৰ দিশত পৰীক্ষণত সফলতা অৰ্জন কৰে, তেন্তে বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ দ্ৰুত আৰু যথেষ্ট পৰিমাণে নিৰ্মাণৰ আবেদন জনাব।’