বনভোজ খাৱলৈ আহি নিৰুদ্দেশ এজন লোক

594

তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বগামাটীত অঘটন সংঘটিত হৈছে।

বনভোজ খাৱলৈ আহি নিৰুদ্দেশ এজন লোক।

৭ বন্ধুৰ লগত বনভোজ খাৱলৈ আহিছিল লোক জনে।

ইপিনে শনিবাৰে আবেলি ৪ বজাত ভাত খাই বৰনদীত গা ধুৱলৈ নদী পাৰ হওঁতেই বৰনদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে লোক জনক।

আৰু নিৰুদ্দেশ হোৱা ব্যক্তি জন হৈছে মহৰিপাৰা গাওঁৰ পুখুৰী পাৰৰ থানেশ্বৰ বড়ো(30)।

ইপিনে নিৰুদ্দেশ হোৱা ব্যক্তিজন প্ৰাক্তন ভাৰতীয় সেনাৰ জোৱান আছিল বুলি জানিব পৰা গৈছে।

ঘটনা স্থলিত শুৱাগপুৰ আৰক্ষী আৰু SDRF আৰ NDRF লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

ইতিমধ্যে NDRF আৰু SDRF অভিযান অব্যাহত ৰাখিছে যদিও উদ্ধাৰ কৰিৱ পৰা নাই।