বদৰপুৰত দুই সন্দেহজনক ৰোহিংগিয়াক আটক

123

কৰিমগঞ্জৰ বদৰপুৰ ৰে’লৱে চেষ্টনত আৰক্ষীয়ে আটক কৰে দুজন সন্দেহজনক ৰোহিংগীয়াক। জম্মু-কাশ্মীৰৰ পৰা ৰে’লেৰে বদৰপুৰত উপস্থিত হোৱা সন্দেহজনক ৰোহিংগিয়া দুজনক ১ নং প্লেটফৰ্মত ঘূৰি ফুৰাত সন্দেহ কৰি ৰে’ল আৰক্ষীয়ে সোধাপোছাৰ বাবে আটক কৰে।

ধৃত যুৱক দুজনক জামাল হুছেইন আৰু আমিৰ হাকিম বুলি জানিব পৰা গৈছে। দুজনৰ পৰা দুটা ম’বাইল ফোন, ভাৰতীয় 10,230 টকা আৰু বাংলাদেশৰ 980 টকা জব্দ কৰিবলৈ সক্ষম হয় ৰে’ল আৰক্ষীয়ে।

তথ্য অনুসৰি, ধৃত জামাল হুছেইনৰ ঘৰ ম্যানমাৰ মনডুচা জিলাত আৰু আমিৰ হাকিমৰ ঘৰ বাঠিদং জিলাৰ নয়াপাড়া গাঁৱত।

ৰে’ল আৰক্ষীয়ে আটকাধীন ধৃত যুৱকদ্বয়ক চমজাই দিয়ে বদৰপুৰ আৰক্ষীৰ হাতত। অধিক তথ্যৰ বাবে বদৰপুৰ আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।