বড়ো ছবি অভিনেতা প্ৰজিত নাৰ্জাৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ

242

অসম আৰক্ষীৰ জোৱান তথা সুপৰিচিত বড়ো চলচ্চিত্ৰ অভিনেতা, কমেডিয়ান প্ৰজিত নাৰ্জাৰী ওৰফে টকলাইক বৃহস্পতিবাৰে এক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

কোকৰাঝাৰ আৰক্ষী থানাত অভিনেতাজনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ নং ৫০১/২২ৰ অধীনত ৩৬৩ ভাৰতীয় দণ্ডবিধিৰ ধাৰা যোগ কৰি POCSO ৰ ৩৭০(I) iv/৩৭০ (A) (১), ৩৭৬ (৩) IPC r/w 6 ধাৰাত গ্ৰেপ্তাৰ কৰা হয় প্ৰজিত নাৰ্জাৰীক।

কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত যোৱা কেইমাহমান ধৰি পলাতক হৈ আছিল তেওঁ। যোৱা সন্ধিয়া তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত কোকৰাঝাৰৰ আদালতত হাজিৰ কৰোৱা হয়।