বটদ্ৰৱা বৰভেটি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনত চূড়ান্ত অনিয়ম

164

নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা বৰভেটি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷ প্ৰাপ্ত অভিযোগ মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে চৰম দুৰ্নীতিৰ আশ্ৰয় লৈ আঁচনিখন এক প্ৰকাৰে ভেকো ভাওনাত পৰিণত কৰি তুলিছে ৷ কিয়নো, চৰকাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়াৰ আহাৰ খোৱাবৰ বাবে যি নীতি-নিয়ম আৰোপ কৰি দিছে সেয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি আহিছে ৷ অভিযোগ অনুসৰি, চৰম মইমতালিৰে প্ৰধান শিক্ষকজনে ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়া আহাৰৰ নামত কেৱল ভাতৰ লগতে দাইলৰ নামত পানী আৰু কেইডোখৰমান আলুু দিয়েই আভুৱা ভাৰি আহিছে ৷ আচলতে, চৰকাৰী নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ হিচাপে নিৰ্দিষ্ট দিনত ভাতৰ লগত দাইল, শাক-পাচলিৰ ভাজি, চয়াবিন, কণী আৰু খিচিৰি খোৱাব লাগে ৷ কিন্তু গুৰু-গোসাঁই নমনা বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে চৰকাৰী নিৰ্দেশনা মতে ছাত্ৰ-ছাত্ৰীক দুপৰীয়াৰ আহাৰ যোগান নধৰাৰ গুৰুত্বৰ অভিযোগ তুলিছে স্বয়ং অভিভাবকসকলে ৷ হাস্যকৰ কথা যে কেতিয়াবা কণী দুপৰীয়া আহাৰত যোগান ধৰিলেও ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মাত্ৰ ১০ টা কণী ৰান্ধনীৰ হাতত দি সেয়া দাইলত গুড়া ভাজি কৰি মিলাই দিবলৈহে নিৰ্দেশ দিয়ে ৷ যাক লৈ ৰান্ধনীও প্ৰায়েই বিমুৰত পৰিবলগীয়া হয় ৷ সেয়ে প্ৰধান শিক্ষকজনে মধ্যাহ্ন ভোজন আঁচনিৰ ধন উদৰস্থ কৰাৰ মানসেৰে সংঘটিত কৰি অহা এনে চূড়ান্ত অনিয়ম আৰু দুৰ্নীতি ৰুধ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অভিভাবক তথা স্থানীয় ৰাইজে শিক্ষা বিভাগৰ উৰ্ধ্বতন কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে ৷