বটদ্ৰৱা থান প্ৰাংগনত ৫০১ গছি বন্তি প্ৰজ্বলন অনুষ্ঠানত বিধায়িকা আঙুৰলতা ডেকা

147

ষ্টাফৰিপৰ্টাৰ, মৰ্যাদা পুৰুষোত্তম প্ৰভু শ্ৰী ৰাম চন্দ্ৰ আৰ্বিভাৱেৰে উজ্জীৱিত পূণ্য ভূমি অযোধ্যাৰ বিবাদমান ভূমিত আজি সুদীৰ্ঘ ৫০০ বছৰ প্ৰতীক্ষাৰ অন্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ৰাম মন্দিৰৰ ভূমি পূজন সমাৰোহ সুকলমে সম্পন্ন হয়৷ সনাতনী সংস্কৃতিত বিশ্বাসী প্ৰতিগৰাকী ভাৰত বাসীৰ বাবে আজি এক ঐতিহাসিক তথা গৌৰৱৰ দিন- এইদৰে ছ’চীয়েল মিডিয়াত মত ব্যক্ত কৰে
বটদ্ৰৱা সমষ্টিৰ বিধায়ক আঙুৰলতা ডেকাই।
আজি এই উপলক্ষে মহাপুৰুষ শ্ৰী মন্ত শংকৰ গুৰুজনাৰ পবিত্ৰ জন্ম ভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সমিতিৰ নৱনিযুক্ত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, উপসভাপতি পুলক গোঁহাই আৰু ৰাজ্যিক জন জাতি মৰ্চাৰ সভাপতি হৰেণ দেউৰী সৈতে উপস্থিত হৈ আজিৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ গৌৰৱ অৰ্জন কৰি প্ৰভু ভগৱন্তক সেৱা জনায় বিধায়িকা গৰাকীয়ে আৰু বটদ্ৰৱা থান প্ৰাংগনত ৫০১ গছি বন্তি প্ৰজ্বলন কৰি বৰদোৱা বাসী ৰাইজৰ লগত এই ঐতিহাসিক দিনটোক উদযাপন কৰে।