বটদ্ৰৱাৰ থানাৰ সন্মুখতে ভয়ংকৰ পথ দুর্ঘটনা

98

বটদ্রৱা আৰক্ষী থানাৰ সন্মুখত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু ছুইফ্ট ডিজায়াৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে তিনিজন লোক। ধিঙৰ পৰা নগাঁও অভিমুখে গৈ থকা AS 12 BC 3115 নম্বৰৰ ছুইফ্ট ডিজায়াৰখনক বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী পালচাৰ ১২৫ বাইকে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। দুৰ্ঘটনাত বাইক আৰোহী দুজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে ছুইফ্ট ডিজায়াৰখনত থকা এগৰাকী মহিলা আহত হয়।