বটদ্ৰৱাৰ জাজৰিত এখন ব্যতিক্ৰমী বিয়া

401


বটদ্ৰৱাৰ জাজৰিত এখন ব্যতিক্ৰমী বিয়া । হাতীৰ পিঠিত উঠি কইনা নিবলৈ আহিল দৰা ।বটদ্ৰৱাৰ জাজৰিত এখন ব্যতিক্ৰমী বিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । বিয়াখনলৈ দৰা আহিল হাতীত উঠি ।জাজৰিৰ ছোট মণিপুৰৰ ইয়াচিন ছাহ আলম নামৰ এজন যুৱকে দৰা সাজত হাতীত উঠি উপস্থিত হ’ল কইনা ঘৰত। আগে আগে দৰা পিছে পিছে খোজ কাঢ়ি আগবাঢ়িছে বৰযাত্ৰী।পেট্রল ডিজেলৰ মূল্য বৃদ্ধি আৰু অতীজৰ পৰম্পৰা জীয়াই ৰখাৰ চেষ্টাৰ বাবে এই পদক্ষেপ হাতত লৈছে দৰাই উল্লেখ কৰে।