বটদ্ৰৱাৰ চমকাত মাৰপিটৰ ঘটনা আঘাতপ্ৰাপ্ত দুগৰাকীকৈ মহিলা।
ঘৰত কোনো নথকাৰ সুযোগলৈ দা-লাঠী লৈ আহি এটি দুষ্ট চক্ৰয় ঘৰ-দুৱাৰ ভাঙি দিয়াৰ লগতে মাৰপিট কৰাৰ অভিযোগ।বটদ্ৰৱা আৰক্ষী থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ।
নগাওঁ জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত চমকা গাওঁত এইবাৰ পোহৰলৈ আহিছে এক মাতব্বৰ ৰাজৰ ঘটনা।এটি মাতব্বৰৰ দলে এটি দৰিদ্ৰ পৰিয়ালৰ ঘৰত প্ৰৱেশকৰি দা-লাঠী লৈ ঘৰ-দুৱাৰ ভাঙি তহিলঙ কৰাৰ লগতে দাৰে দাৰে ঘপিয়াই দুগৰাকী মহিলাক গুৰুত্বৰ বাবে আহত কৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী পৰিয়ালে।এই সন্দৰ্ভত ন্যায় বিচাৰি বটদ্ৰৱা আৰক্ষী থানাত জুৱেল, ইমামূল,ৰায়েককে আদি কৰি পাঁচজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।পৰিবৰ্তী সময়ত এই দৰিদ্ৰ পৰিয়ালটোক বটদ্ৰৱা আৰক্ষীয়ে কেনেধৰণৰ ন্যায় প্ৰধান কৰে সেয়া হব লক্ষ্যণীয়।