বটদ্ৰৱাত ঘাটমাউৰা হ’ল দুটি কনমানি কন্যা শিশু

69

বটদ্ৰৱাত ঘাটমাউৰা হ’ল দুটি কনমানি কন্যা শিশু । মাতৃ মাত্ৰ পাঁচ মাহ পূৰ্বে মৃত্যু হোৱাৰ পিছত দুৰ্ভাগ্যজনক ভাৱে নিজ পিতৃৰো বিয়োগ হ’ল এই ছোৱালী দুজনীৰ। ঘটনাৰ বিৱৰণি অনুসৰি বটদ্ৰৱাৰ সৰুহিছাৰ ভৱেন কলিতা নামৰ লোকজনৰ পত্নী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লোৱাৰ পিছত আজিৰ পৰা পাঁচদিন পূৰ্বে স্বামীয়েও “ভাইৰেল জ্বৰত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। মাকৰ মৃত্যুৰ বেদনা মাৰ নৌ যাওতেই নিজ পিতৃক হেৰুওৱা বটদ্ৰৱাৰ এই কণমানি ছোৱালী দুজনী আজি নিঠৰুৱা। কোনে সিহঁতক এষাৰ মাত দিব বা কোনে কণমানি দুজনীৰ দায়িত্ব ল’ব। উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰৰ জৰিয়তে অসমৰ জনপ্ৰিয় তথা হৃদয়বান মানৱদৰদী মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে আত্মীয় স্বজন আৰু দুয়োজনী কণমানিয়ে।