বটদ্ৰৱাত গো মাংসৰ মুকলি বেহা

496

যি সময়ত চৰকাৰে গো-সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰনয়ণ কৰাৰ সমান্তৰালকৈ গো-মাংস বিক্ৰীৰ ক্ষেত্ৰতো কঠোৰ হৈছে তেনে সময়তে চৰকাৰ কঠোৰ আইন ভৰিৰে মোহাৰি বটদ্ৰৱাত একাংশ অসাধু ব্যৱসায়ীয়ে পৰিবেশ বিনষ্ট কৰি মুকলিকৈ বিক্ৰী কৰি আহিছে গো-মাংস । যাৰ বাবে চিন্তিত হৈ পৰিছে সচেতন মহল । গুৰুজনাৰ জন্মস্থানৰ সমীপৰ এই পৰিবেশেক লৈ চিন্তিত সচেতন ইছলাম ধর্মালম্বী লোক সকলো ।জুৰীয়া আৰক্ষী থানৰ অন্তৰ্গত দগাওঁ আৰক্ষী পহৰা চকীৰ এলেকাধীন বটদ্ৰৱা আৰক্ষী থানাৰ নিচেই কাষতে এনেদৰেই মুকলিকৈ বিক্ৰী কৰি আহিছে গো-মাংস ।সদাব্যস্থ গড়কাপ্তানী পথেৰে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকে যাতায়ত কৰে যদিও এই ক্ষেত্ৰত কাৰো যে নাই ভ্ৰুক্ষেপ । পুৱাৰ পৰা সন্ধিয়ালৈ অসাধু মাংস ব্যৱসায়ীয়ে এনেদৰে কোনো আৰ-বেৰ নোহোৱাকৈ গো-মাংস বিক্ৰী কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । চৰকাৰৰ কঠোৰ আইনকো কেৰেপ নকৰি কাৰ ছত্ৰ ছায়াত এই অসাধু ব্যৱসায়ীয়ে চলাই আহিছে গো-মাংসৰ মুকলি বেহা, ই এক ডাঙৰ প্ৰশ্ন ! অনুজ্ঞাপত্ৰ অবিহনে চলাই থকা এই ক-ছাই খানা সমূহ বন্ধ কৰিবৰ বাবে চৰকাৰ তথা আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় সচেতন ৰাইজে।