বটদ্ৰৱাত আৰক্ষীৰ জালত ড্ৰাগছ সম্ৰাট

172

ড্ৰাগছ মাফিয়াই যেন প্ৰশাসনক একপ্ৰকাৰে চেলেঞ্জ কৰি অতি সংগোপনে ন-ন কৌশলেৰে অব্যাহত ৰাখিছে ড্ৰাগছৰ ব্যৱসায়।সমগ্ৰ ৰাজ্যৰ সমান্তৰাল কৈ বটদ্ৰৱা আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান।বহু দিনৰ পৰা চোৰাংচোৱা নিয়োগ কৰি আজি আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সম্ৰাজ্যৰ বেতাজ বাদশ্বা নুৰজামাল হকক।ধৃত নুৰজামালৰ পৰা আৰক্ষীয়ে চাবোনৰ বাকচত এক বক্স ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।ড্ৰাগছ মাফিয়াটোৱে AS-02-AE-3098নম্বৰৰ গ্লেমাৰ বাইকেৰে গৈ থকা অৱস্থাত স্থানীয় আমছু কৰ্মীৰ সহযোগত আৰক্ষীয়ে দৌৰাই দৌৰাই কৰায়ত্ব কৰে যদিও আমছু কৰ্মীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল ।উক্ত ঘটনাত এজন আমছু কৰ্মী আঘাতপ্ৰাপ্ত হয়।বটদ্ৰৱাৰ বাটমাৰীৰ এই ড্ৰাগছ মাফিয়াটোৱে বৃহত্তৰ বটদ্ৰৱা অঞ্চলত দীৰ্ঘ দিনৰ পৰাই অতি সংগোপনে চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায়।