বজৰং দলৰ ৰেলীক কেন্দ্ৰ কৰি শোণিতপুৰৰ বৰচলাত দুটা ফৈদৰ মাজত তুমুল সংঘৰ্ষ

48

সান্ধ্য আইন জাৰী

ষ্টাফৰিপৰ্টাৰ, ৰাম মন্দিৰৰ ভূমি পুজনৰ দিনাই শোণিতপুৰত সংঘটিত হৈছে একত অপ্ৰীতিকৰ ঘটনা।
ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পুজনৰ পাছতে বজৰং দলে এক বাইক ৰেলী উলিওৱাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত কাজিয়াৰ সুত্ৰপাত সৃষ্টি হয়।
বজৰং দলৰ সমৰ্থকৰ সৈতে কাজিয়াত লিপ্ত হয় আন একাংশ লোক। বাইক আৰু গাড়ীৰে সমদল বাহিৰ কৰাৰ সময়তে শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ ঠেলামৰা ভৰাশিঙৰি অঞ্চলত আন একাংশ লোকে দা আৰু যাঠীৰে আক্ৰমণ কৰে সমদলকাৰীক। ফলত বহু কেইগৰাকী বজৰং দলৰ সদস্য গুৰুৰত ভাৱে আঘাতপ্ৰাপ্ত হয়। অঞ্চলটোৰ হৰগৌৰী মন্দিৰত অনুষ্ঠিত হৈছিল ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে বিশেষ অনুষ্ঠান।এটা বিশেষ সম্প্ৰদায়ৰ লোকে সমদলৰ দুখনকৈ বাইক আৰু এখন মেজিক জ্বলাই দিয়াৰ উপৰিও আৱদ্ধ কৰি ৰাখে মন্দিৰটোৰ পুজাৰীসহ বজৰং দলৰ কেইজনমান সদস্যক। পাছত তেওঁলোকক এৰি দিয়া বুলি জানিব পৰা গৈছে।
দুৰ্বৃত্তই জ্বলাই দিয়া বাইক
সমদলটোত বজৰং দলৰ ২০-২৫ জন মান সদস্য আছিল বুলি জানিব পৰা গৈছে। ঘটনাটোক কেন্দ্ৰ কৰি বৰ্তমানো উত্তপ্ত হৈ আছে ঠেলামৰাৰ সেই অঞ্চল।
ঘটনাস্থলীত উপস্থিত হৈছে জিলা প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়া গৈ উপস্থিত হয় ঘটনাস্থলীত।
ঘটনাস্থলীত বিধায়ক গণেশ লিম্বু উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে কোনো লোককে আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই।
ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
সম্প্ৰতি ঘটনাস্থলীত সান্ধ্য আইন জাৰী কৰা হৈছে।