বজৰংগ দল আৰু ৰামানুজন শিক্ষা কেন্দ্ৰৰ দ্বাৰা হাজোত ১০০ৰো অধিক গছপুলি ৰোপণ

96

পৱন নীল কাশ্যপ, চাংসাৰীঃ গছ থাকিলেহে মানুহ থাকিব। গছ ৰোপণে প্ৰকৃতি সেউজ কৰি তোলাই নহয়, জীৱকুলৰ বাবেও প্ৰত্যক্ষ-পৰোক্ষভাৱে সহায় কৰে। সেয়ে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিশ্ব হিন্দু পৰিষদ বজৰংগ দল হাজো প্ৰখণ্ড আৰু ৰামানুজন শিক্ষা কেন্দ্ৰৰ উদ্যোগত হাজোৰ বিভিন্ন প্ৰান্তত এশৰো অধিক গছপুলি ৰোপণ কৰা হয়।

কামৰূপ জিলাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৌদ্ধিক প্ৰমুখ প্ৰবীণ মেধিৰ উপস্থিতিত বজৰংগ দলৰ সদস্য আৰু ৰামানুজন শিক্ষা কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে গছপুলি ৰোপণ কৰাৰ লগতে অঞ্চলটো ছেনিটাইজ কৰি কোভিড বিৰোধী যুঁজত আগভাগ লয়।