বজ্ৰপাত পৰি এটা পৰিয়ালৰ পশুধনৰ মৃত্যু

206

‘ৰাখে হৰি মাৰে কোনে’ বুলি এষাৰ কথা আছে। তাৰেই যেন প্ৰতিফলিত হ’ল এখন ঘৰত।

উল্লেখযোগ্য যে গোসাঁইগাঁও মহকুমাৰ ১নম্বৰ চেকাদানী (কাশিমাৰী) গাৱত অঘটন সংঘটিত হৈছে।

আজি ৰাতিপুৱা প্ৰায় ৫ মান বজাত বজ্ৰপাত পৰি এটা পৰিয়ালৰ পশুধনৰ মৃত্যু।

১ নম্বৰ চেকাদানী(কাশিমাৰী) গাৱৰ বাসিন্দা কাৰু টুডুৰ বজ্ৰপাতত ৬টা গৰু আৰু ২টা ছাগলীৰ মৃত্যু হয়।

২ টা গৰু আৰু ২টা ছাগলী আঘাত প্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।

গৰুৰে হাল বাই আৰু গাখীৰ বিক্ৰী কৰি পৰিয়াল পো-পাল দিয়া পৰিয়ালটো পশুধন মৃত্যু হোৱাত এতিয়া বিপাঙত পৰিছে এঘাৰ জন সদস্য থকা দৰিদ্ৰ পৰিয়ালটো।

এতিয়া সহায় বিচাৰি চৰকাৰক কাতৰ আব্বান জনালে দুৰ্ভগীয়া পৰিয়ালটোৱে।

বজ্ৰপাতৰ ফলত ঘৰখনত থকা বিদ্যুতৰ মিটাৰ জ্বলি য়ায বুলি উল্লেখ কৰে।

জানিব পৰা মতে কথমপি প্ৰাণৰক্ষা পৰিল পৰিয়ালৰ সদস্যৰ।