বজাৰত লাগিছে জুই! হোজাইত মিঠাতেল চুৰি কৰি আটক চোৰ

79

হোজাই আৰক্ষীয়ে দোকানৰ পৰা মিঠাতেল চুৰি কৰাৰ অভিযোগত এজন লোকক আটক কৰে। অভিযুক্তজনক হোজাইৰ চামৰবস্তিৰ দেৱাশীষ দে বুলি চিনাক্ত কৰা হৈছে।

তদন্তকাৰী আৰক্ষীয়ে জনোৱা অনুসৰি, দেবাশীষ আৰু তেওঁৰ দুজন সহযোগীয়ে হোজাইৰ লালমাটি অঞ্চলত অৱস্থিত এখন দোকানৰ পৰা মিঠাতেলৰ কিছু পেকেট চুৰি কৰিছিল।

আৰক্ষীয়ে তেওঁৰ পৰা ১৬ লিটাৰ ইঞ্জিন ব্ৰেণ্ডৰ মিঠা তেল উদ্ধাৰ কৰে। ইফালে, তেওঁৰ দুজন সহযোগী পলাতক হৈ আছে। গ্ৰেপ্তাৰ কৰা অভিযুক্তজন স্থানীয় কালী মন্দিৰৰ পৰা এলপিজি চিলিণ্ডাৰ চুৰিৰ সৈতেও জড়িত আছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, দেবাশীষে মন্দিৰৰ পৰা দুটা চিলিণ্ডাৰ চুৰি কৰিছিল। আৰক্ষীয়ে তেওঁৰ পৰা এটা চিলিণ্ডাৰও উদ্ধাৰ কৰিছে।

লক্ষণীয়ভাৱে, দেশত খোৱা তেলৰ লগতে ইন্ধন তেল আৰু এলপিজি মূল্যই সাধাৰণ জনতাক মাধমাৰ শোধাইছে। এজন সাধাৰণ শ্ৰমিকে দিনটোৰ উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়াটো কঠিন হৈ পৰিছে। যাৰ ফলত এতিয়া চুৰি কাণ্ডৰ ঘটনাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।