বজাৰত জ্বলিছে দাম বৃদ্ধিৰ জুই

13

বজাৰত জ্বলিছে দাম বৃদ্ধিৰ জুই! হোৰাহোৰে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰী, পাচলিৰ দাম।পাচলি বজাৰত ক্ৰেতা-বিক্ৰেতাৰ হাৰাশাস্তি। মধ্যভোগীৰ দপদপনিত দিকবিদিক হেৰুৱাইছে গ্ৰাহকে। দৈনিক বৃদ্ধি পোৱা পাচলিৰ দামে বিপাঙত পেলাইছে ৰাইজক। এটা সপ্তাহতে বাঢ়িল কেইবাবিধো পাচলিৰ দাম। ডাবল চেঞ্চুৰী কৰিলে শাক-পাচলিৰ দামে। যাৰ বাবে মূৰে-কপালে হাত দিবলগীয়া হৈছে সাধাৰণ জনতাই।মহানগৰীৰ বেলতলা বজাৰত কেজিত ২০-৩০ টকাৰ পাচলি বিক্ৰী হৈছে ৫০ টকাকৈ। গুৱাহটীৰ বজাৰত প্ৰতিকিলো বীনৰ দাম ১০০ টকা, মটৰ ২৫০, গাজৰ ২০০, আলু ৫০ টকা, পিয়াজৰ দাম ৬০ টকা , নহৰুৰ দাম ৩০০ টকালৈ বৃদ্ধি। ব্যৱসায়ীসকলৰ মতে মধ্যভোগীক দিব লগা হৈছে অধিক দাম।এই দাম বৃদ্ধিৰ ক্ষেত্ৰত সাধাৰণ ৰাইজৰ ক্ষোভ। তেওঁলোকৰ মতে একাংশ অসাধু ব্যৱসায়ীয়ে বেআইনীভাৱে বেছি দামত বিক্ৰী কৰি আছে শাক-পাচলি। সামগ্ৰী মজুত থকাৰ পাছতো অধিক লাভৰ আশাত অত্যধিক হাৰত বিক্ৰী কৰিছে শাক-পাচলি। চৰকাৰৰ টাস্ক ফ’ৰ্চ থকা স্বত্ত্বেও জিলাখনত আকাশলংঘী দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৰ্তমান প্ৰশাসনে ব্যৰ্থ ভূমিকা পালন কৰি আছে বুলি অভিযোগ উত্থাপন ৰাইজৰ।