বজালীৰ ভবানীপুৰ গলিয়াৰ এখন ধাবাত দুই ফৈদৰ মাজত কাজিয়াৰ ঘটনা সংঘটিত হৈছে

189

বজালীৰ ভবানীপুৰ গলিয়াৰ এখন ধাবাত দুই ফৈদৰ মাজত কাজিয়াৰ ঘটনা সংঘটিত হৈছে।

দা, লাঠীৰে ধাবাত প্ৰবেশ কৰি আক্ৰমণ কেইজন মান যুবকক ।

31 নং ৰাষ্ট্ৰীয় ঘাইপথত টোলগেটৰ সমীপত প্ৰনামী ৰেষ্টুৰেন্ট নামৰ ধাবাখনত সংঘটিত হয় এই ভয়াৱহ ঘটনা ।

ঘটনা অনুসৰি বৃহস্পতি বাৰে নিশা মদ বিচাৰি ধাবা লৈ আহিছিল দুই যুবক ।

নিশা ধাবা কৰ্তৃপক্ষই দিয়া নাছিল মদ ।

তাৰপিছতে বৃহস্পতিবাৰে আবেলি হঠাৎ ধাবাত বহিছিল এহাল যুবক যুৱতী।

তেনেতে তাত অনৈতিক কাম চলা বুলি কেইজন মান যুবকে চলাই আক্ৰমণ l

আনকি ঘটনাৰ পৰিনতিত দা, লাঠী লৈ ধাবা আক্ৰমণ কৰে এটা ফৈদৰ।

ঘটনাত আগদিনা মদ বিচাৰি অহা যুবক দুজন জড়িত বুলি জানিব পৰা গৈছে ।

উক্ত ঘটনাত দুই ফৈদৰ দুজন লোক আহত হৈ চিকিৎসাধীন ।

লগে লগে ঘটনা থলীত সমাগম হয় বহু লোক ।

লগে লগে আৰক্ষী আৰু Crpf উপস্থিত হৈ দুই পক্ষৰ যুবক সহ কেইজনমান লোকক কৰায়ত্ব কৰে আৰক্ষীয়ে ।

একেলগে সন্দেহজনক ভাৱে ধাবাত উপস্থিত হোৱা য়ুবতী আৰু যুবক জনক ও আটক কৰে আৰক্ষীয়ে ।

ঘটনাক কেন্দ্ৰ কৰি ভবানীপুৰ আৰক্ষী চকীত আৰক্ষী য়ে চলাইছে জোৰদাৰ তদন্ত ।

ইতিমধ্যে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিবেশ বিৰাজ কৰিছে ।