বজালীৰ বান পৰিস্থিতি আজিও ঠাই বিশেষে যথেষ্ট সংকটজনক হৈয়ে আছে

199

বজালীৰ বান পৰিস্থিতি আজিও ঠাই বিশেষে যথেষ্ট সংকটজনক হৈয়ে আছে। বিশেষকৈ মেধিকুছিত পহুমাৰা নৈৰ ভগ্ন মথাউৰিৰে নৈৰ পানীৰ প্ৰবল সোত আজিও বৈ আছে। যাৰ ফলত মেধিকুছিৰ ৰাইজে শিবিৰ আৰু মথাউৰিতে আশ্রয় লৈ আছে। সমস্যা হৈছে বানাক্ৰান্তৰ। চৰকাৰে ৰেচন দিছে ঠিকে কিন্তু বানাক্ৰান্তৰ ওচৰত মজুত নাই খাদ্য বনাবলৈ বাচন বৰ্তন, নাই গেছ চিলিন্ডাৰ। বস্ত্ৰক লৈও সমস্যাত আছে বজালীৰ মেধিকুছিৰ বানাক্ৰান্তই।সেয়েহে ৰাইজে চৰকাৰক আহ্বান জনাইছে ।