বজালীৰ কাহাৰপাৰাত চুৰি গৰুসহ ৰাইজৰ হাতত কৰায়্ত্ব দুজনকৈ গৰু চোৰ

93

গৰু চোৰৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰা বজালীৰ কাহাৰপাৰা গাঁৱৰ ৰাইজে শুকুৰবাৰে নিশা কৰায়ত্ব কৰিবলৈ সক্ষম হয় গৰু চোৰক। দীৰ্ঘদিন ধৰি গাঁওখনত সংঘটিত হৈ থকা গৰু চুৰিৰ ঘটনাৰ বাবেই নিশা গাঁওখনত পহৰাৰ ব্যৱস্থা কৰিছিল গাঁওবাসীয়ে। যাৰ বাবে শুকুৰবাৰে নিশা গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত হাতে লোটে ধৰা পৰে দুজনকৈ দুৰ্ধৰ্ষ গৰু চোৰ।

সন্দেহজনক গৰু চোৰ দুজনৰ পৰা ৰাইজে ৮টাকৈ চুৰি গৰুও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, গাঁওখনত সংঘটিত হৈ অহা গৰু চোৰৰ ঘটনাৰ বিষয়ে আৰক্ষীক ৰাইজে অৱগত কৰাৰ পিছতো কুম্ভকৰ্ণৰ নিদ্ৰাত থকা আৰক্ষীয়ে গৰু চোৰক আটক কৰিব পৰা নাছিল। যাৰ বাবে গাঁওবাসীয়ে মিলি গৰু চুৰি ৰোধৰ বাবে পহৰাৰ ব্যৱস্থা কৰে।