বঙাইগাঁৱৰ বাওঁবাৰীত অঘটন সংঘটিত হৈছে

404

বঙাইগাঁৱৰ বাওঁবাৰীত অঘটন সংঘটিত হৈছে। বঙাইগাঁও জিলাৰ বিজনীৰ বাওঁবাৰী ৰে’লৱে দলঙৰ খুটি বহি যোৱাৰ ফলত ৰে’লৰ যাতায়ত ব্যহত হৈ পৰিছে। ৰেলৱে কিঃমিঃ নম্বৰ 277/6-7 পাতিলাদহা বিজনীৰ মাজত সংঘটিত হয় এই অঘটন।বাওঁবাৰীত দ্বৈত ৰেলপথৰ নতুনকৈ দলং নিৰ্মাণৰ কাম কৰাৰ বাবে Pocland ৰে মাটি খান্দিবলৈ লওঁতে পুৰণি দলঙৰ তিনিটা খুটি বহি যোৱাৰ ফলত ডাবি যায় ৰেলৰ ট্ৰেক । যাৰ ফলত ৰেলৱে যাতায়ত ব্যৱস্থা ব্যহত হৈ পৰা পৰিলক্ষিত হৈছে। পাতিলাদহা ৰেলৱে ষ্টেচনত নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ আৱদ্ধ হৈ পৰাত যাত্ৰী সকলৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।ইফালে নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনতো কেইবাটাও ৰেল আবদ্ধ আছে বুলি জানিব পৰা গৈছে।