বঙাইগাঁৱৰ আৰক্ষীৰ জালত ২ চিলনী চোৰ

70

বঙাইগাঁৱত চিলনী চোৰৰ সন্ত্ৰসে আতংকৰ সৃষ্টি কৰিছে। বহিঃ ৰাজ্যৰ পৰা আহি বঙাইগাঁৱত সন্ত্ৰাস চলোৱা চিলনী চোৰে ৰাস্তাৰ পৰা থপিয়াই লৈ যায় মহিলাৰ ডিঙিৰ চেইন, মোবাইল ফোন, টকাৰ বেগ। শেহতীয়াকৈ মঙ্গলবাৰে এগৰাকী মহিলাৰ ডিঙিৰ চেইন কাঢ়ি পলায়ন কৰাৰ পিছতে আৰক্ষীৰ জালত পৰে দুটা চিলনী চোৰ। জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ তৎপৰতাত আৰক্ষীৰ এটা দলে অভিযান চলাই পশ্চিম বংগৰ পৰা বঙাইগাঁৱত প্ৰৱেশ কৰা চিলনী চোৰ দুটাক আটক কৰে। ধৃত চোৰ দুটাৰ পৰিচয় সঞ্জু গোৱালা আৰু ৰহিত সিং বুলি জানিব পৰা গৈছে।

ঘটনা সংঘটিত কৰি নিউ বঙাইগাঁৱৰ গেং কোৱাৰ্টাৰত আত্মগোপন কৰি থকাৰ সময়তে আৰক্ষীয়ে দুয়োকে আটক কৰে৷ ইফালে, চিলনী চোৰৰ সৈতে জড়িত বেণু দাস নামৰ জুৱেলাৰীৰ স্বত্বাধিকাৰীকো আৰক্ষীয়ে আটক কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে সোণৰ চেইনৰ লগতে ঘটনাত ব্যৱহৃত বাইক আৰু নগদ দুই হাজাৰ টকা জব্দ কৰে৷

ইফালে আৰক্ষীৰ জেৰাত ধৃত চোৰ দুটাই স্বীকাৰ কৰা মতে পশ্চিম বংগৰ পৰা এটা চিলনী চোৰৰ দল বঙাইগাঁৱৰ লগতে অসমৰ আন আন প্ৰান্তত প্ৰৱেশ কৰিছে। এই খবৰ লাভ কৰাৰ পিছতে চিলনী চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তুলিছে।