বঙাইগাঁৱত শতাধিক অগপ কৰ্মী-সমৰ্থকৰ অসম জাতীয় পৰিষদত যোগদান

108

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাত ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত নিৰ্বাচনী দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ৯ মার্চত বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ শতাধিক অগপ কৰ্মী-সমৰ্থকে অগপ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰে ৷ এই উপলক্ষে বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত দলটোৰ মুখ্য কাৰ্যালয়ত এটা যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

বঙাইগাঁও সমষ্টি সমিতিৰ সভাপতি কৈলাশ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত দলটোৰ প্ৰক্ষেপিত প্ৰাৰ্থী দীপু চৌধুৰী, জিলা সমিতিৰ সভাপতি কুসুম্বৰ ৰায়, সমষ্টি সমিতিৰ সম্পাদক বিনয় ৰায় আদিৰ উপস্থিতিত সমষ্টিটোৰ অন্তৰ্গত বিদ্যাপুৰ, চিকিবিকি, কাকাৰাগাঁও, বামুণীটিলা, খাৰিজা দোলাইগাঁও আদিৰ লগতে বঙাইগাঁও চহৰৰ বিভিন্ন ৱাৰ্ডৰ শতাধিক অগপ কৰ্মী-সমৰ্থকে অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে। দলটোত যোগদান কৰাসকলক গামোচাৰে আদৰণি জনায়।