বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, ১৫ টাকৈ ম’হৰ মৃত্যু।

80

দেওবাৰে নিশা বঙাইগাঁৱৰ ৰাখালডুবিত ৩১ নং ৰাষ্ট্ৰীয় পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে ১৫ টাকৈ ম’হৰ।

জানিব পৰা মতে, NL-02Q-5457 নম্বৰৰ এখন ২৫টা ম’হ কঢ়িয়াই অনা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। যাৰ ফলত ১৫ টা ম’হৰ কৰুণ মৃত্যু ঘটে।

পিছত ঘটনাস্থলীত স্থানীয় ৰাইজে বাহনখনৰ লগতে জীৱিত ম’হ কেইটা উদ্ধাৰ কৰে। আনহাতে দুৰ্ঘটনাৰ পিছতে বাহনখনৰ চালক পলায়ন কৰে।