বঙাইগাঁৱৰ ৰাখালডুবিত ড্ৰাগছ বিক্ৰী কৰি থকাৰ সময়তে হাতে-লোতে ধৰা পৰে এজন ড্ৰাগছ সৰবৰাহকাৰী। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নিউ বঙাইগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুকেশ ঘোষ আৰু নগৰ শাখা উপ–পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয়।
ধৃত সৰবৰাহকাৰীজনৰ পৰিচয় হাপাছৰাৰ ইনামূল হক (৩০) বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সৰবৰাহকাৰী জনৰ পৰা ৩৪ গ্ৰাম ড্ৰাগছ, নগদ ২২ শ টকা আৰু এখন বাইক জব্দ কৰে।
