বঙাইগাঁৱত ড্ৰাগছসহ আটক ২ সৰবৰাহকাৰী

62

নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ সমীপত আৰক্ষীয়ে অভিযান চলাই শনিবাৰে প্ৰায় ৩৫.৪৯ গ্ৰাম ড্ৰাগছসহ দুজন সৰবৰাহ কাৰীক আটক কৰিবলৈ সক্ষম হয়।

ড্ৰাগছ সৰবৰাহকাৰী দুজনে তিনিটা আৰু বাকচৰ ভিতৰত ভৰাই ড্ৰাগছ খিনি সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায়।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক ক্ৰমে- ৰাহুল নাৰ্জাৰী আৰু দিলবাৰ্ট বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। দুয়োৰে ঘৰ কোকৰাঝাৰত৷ আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে বঙাইগাঁও সদৰ থানাত৷

ড্ৰাগছখিনি কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলখনত কঢ়িয়াই আনিছিল বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে জানিব দিছে৷