বঙাইগাঁৱত জেহাদীক গ্ৰেপ্তাৰ

295

বঙাইগাঁৱত আৰক্ষীৰ জালত এজন জেহাদী।

ধৃত জেহাদীজন গোৱালপাৰা জিলাৰ পাখিউৰাওৰ আব্বাছ আলী৷

জেহাদীজনৰ ঘৰত বাহৰ পাতি বাংলাদেশৰ দুৰ্ধৰ্ষ জেহাদী এজনে অসমত সাংগঠনিক কাম–কাজ চলাই গৈছিল।

মেহবুব নামৰ আনচাৰউল্লা বাংলা টিমৰ সদস্যজনে বিগত ডিচেম্বৰত আব্বাচ আলীৰ ঘৰত বাহৰ পাতিছিল৷

আব্বাচ আলীয়ে দুৰ্ধৰ্ষ বাংলাদেশী জেহাদীক থকা–খোৱা, যোগাযোগ ব্যৱস্থা কৰি দিয়াৰ লগতে মোবাইল ছিম যোগান ধৰিছিল।

দুৰ্ধৰ্ষ জেহাদী মেহবুবে বিভিন্ন স্থানত বৰপেটা আৰু বঙাইগাঁও জিলাৰ যুৱকসকলক সাংগঠনিক কাম–কাজ চলাই যোৱাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰিছিল।

পৰৱৰ্তী সময়ত এই তথ্য পোহৰলৈ অহাৰ পিছত বিগত এপ্ৰিল মাহত যোগীঘোপা থানাত ৫৬/২২ নং গোচৰ পঞ্জীয়ন কৰি জিলাখনৰ ৮জনকৈ লোকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হয়।

সম্প্ৰতি পলাতক মেহবুব সম্পৰ্কে অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত আব্বাচ আলীক জেৰা চলাই আছে।