বগীবিল দলঙেৰে চলিব নতুন ৰাজধানী এক্সপ্ৰেছ, প্ৰধানমন্ত্ৰী-ৰেলমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰী সোনোৱালৰ

63

দিছপুৰ: মুখ্যমন্ত্ৰী সৰ্বন্দন সোনোৱালে সোমবাৰৰ পৰা বগীবিল দলঙৰ মাধ্যমেৰে দ্বি-সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলক ধন্যবাদ জনায়।

এক বিবৃতিত মুখ্যমন্ত্ৰীয়ে কয় যে নতুন দিল্লীৰ সৈতে অঞ্চলটো সংযোগ কৰি দুখনকৈ ৰাজধানী এক্সপ্ৰেছৰ আৰম্ভণিৰ লগে লগে ৰে’ল যোগাযোগৰ এক নতুন যুগৰ আৰম্ভনি ঘটিছে। তেওঁ উত্তৰ পূৱ অঞ্চলত ৰে’ল নেটৱৰ্ক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰে’লমন্ত্ৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।